Image by Melanie from Pixabay 

মই যেতিয়া মৰ্মান্তিক
বেদনা জৰ্জৰিত;
যি পলত মই কিহ্বাৰ বিষয়ে
জুকিয়াই পাওঁ
অথবা
সমালোচনালৈ অনুভূতি জাগে
নতুবা
লিপ্সামূলক ব্যাঘাতত
যন্ত্ৰণাকাতৰ উগ্ৰ হওঁ
কিম্বা অপশক্তিৰ প্ৰকোপ পৰি
উলহ-মালহত পৱিত্ৰ চিত্তে
মুক্ত হ'বলৈ নাপাওঁ-
তেনে মুহুৰ্তক আঁজুৰিহে
মোৰ বিবেকত কিছু শব্দ ভাণ্ডাৰৰ
সমাহাৰক বাক্যৰ যাদুৰে
লিখনি ৰূপ দিওঁ।
নিলিখোঁ যে মই
কোনো প্ৰশংসাৰ আশাত,
নিলিখোঁ প্ৰতিলব্ধৰ বিনিময়ত
যদিও এচামে লাপী-লুপাৰ গুপ্ত চক্ৰেৰে
সন্মান খুজে বঁটা দাতাক যি চামক
কোনোবা দাৰ্পিক আত্মীয়ই
স্বজন-তোষণ ৰাখি ভুলবশতঃ 'শ্ৰেষ্ঠ'
ইনাম দিয়ে শ্ৰেষ্ঠতৰক নমাবৰ বাবে
ভুলজনক সাৱটি উচিতক দাংকোপ মাৰে
ৰাইজৰ চকুত, ৰাইজেও ওপৰা-ওপৰিকৈ
দাম্ভিকক প্ৰশংসে ভুলক্ৰমে অজ্ঞাতে;
পিছে কথাৰ মহলা সুধীৰে স্তব্ধ হয়
যেতিয়া শ্ৰেষ্ঠতৰে অসহ্যত ধৰি ধৰি
ভ্ৰান্তিক ফান্দত পেলায়।
সংমিশ্ৰিত ওফাইদাঙেৰে
কদাপিও অসম্ভৱ কবিতাত
সাহিত্যৰ ৰসাস্বাদন
প্ৰকৃত ৰাপত যিয়ে যেতিয়া
অব্যাহত ৰাখে-
তেতিয়াহে সেই হস্তত
কাব্যানুভূতি জীপাল হৈ উঠে।

.    .    .

Discus