Image by RENE RAUSCHENBERGER from Pixabay
ৰজনীৰ নিটলতা খেদি
আলেঙে আলেঙে বাসৱীক
বণ্টিছে সপ্তৰেঙণি ৰবিয়ে,
বসুধাই সতি-সন্তুতিক
মেলিছে শ্যামল কোলাত-
হ্ৰদ-স্ৰোতাৰ বক্ষ দীপিছে
চালে চাটি ধৰা হীৰা হৈ!
নভনীলে মোট সলাইছে
কপাহৰ দলিচা হৈ-
সৰগত অদৃষ্ট, মৰতত নৰগণ,
পাতালত কীট-পতংগই
জাগৰিছে আপোন গইনালৈ।
কঁপোৱা জাৰত উমাল দিনকৰী তাপ
কোন অনুপলত পল বাগৰে-
টানি ৰখা জটিল টিকনীৰ হিচাপ;
গৰমৰ দিনত দীঘলীয়া দিনে
সমাপ্তি নেপেলায় ব্যস্ততা সহজে-
ক্লান্তিত প্ৰাণীক প্ৰয়োজন ছায়া
তটিনীৰ চাপৰিত অথবা ৰাজপথৰ
কাষৰীয়া প্ৰকাণ্ড বটৰ।