Image by Monoar Rahman Rony from Pixabay
তুলাপাতত পেঞ্চিলে আঁক-বাক কৰে
যেনেকৈ নিত্য কৰ্মৰত মনিষে।
ৰবৰে মোহাৰে এঁকা-বেঁকা অংকন
যেনেদৰে সৎ গুৰুৱে আঙুলিয়াই শোধে শিষ্যক।।
বাৰম্বাৰ পেঞ্চিলক ৰবৰে মচি পোনায়
যিদৰে চিটিকনিৰ কোবত ছাত্ৰক চিধায়।
বেছিকৈ ঘঁহালে পাত যায় ফাটি
কু-ছাত্ৰৰ সংগত আনজনেও পায় এচাৰি।।
ফালি-চিৰি যোৱা পাতক এৰি ন এখিলাত
ক'বলৈ গ'লে দ্বিতীয় ছাত্ৰই এৰি অন্যত কিল খোৱাক।
সন্তৰ্পণে পেঞ্চিলৰ সাঁচ বহুৱাৰ পৰীক্ষা
সাৱধানে চাই-চিতি পুনু নবীন যাত্ৰা।।
যেতিয়া নমচাকৈ একোবতেই সু-চিত্ৰ
শিষ্যইও মহান গুৰুৰ আদেশত তীক্ষ্ণ।
তেতিয়াহে অঁৰা যায় তাক দেৱালত
তেহে গঢ়ে অভিলেখ বিদ্যাৰ আলয়ত।।
এয়াই হ'ল জড়ত্ৰয়ৰ সংমিশ্ৰিত বন্ধুত্ব।।
নিৰীহ প্ৰাণীৰো আছে জ্ঞানী-বৈৰী প্ৰভুত্ব।।।