Image by Vilius Kukanauskas from Pixabay

চিপ্ চিপ্ বৰষুণ
নামি আহে ধৰাৰ বুকুলৈ,
প্ৰকৃতিও যেন ন ৰূপত
সাজি কাঁচি ধৰা দিয়ে।
মুকুতা হৈ পাৰি দিয়ে
স্নিগ্ধ কোমল শুভ্ৰ দলিচা,
খেতিয়ক বন্ধুৰ মনত জাগে
নতুন স্বপ্নৰ আনন্দ।
কিন্তু নিঃসহায়জনে
কাঢ়ে দুখৰ হুমুনিয়াহ,
দুখ দুৰ্দশাই হৈ পৰে লগৰী
কালৰূপ বৰষুণে অমানিশা মাতে।
ভেকুলীয়ে মনৰ উলাহত
সুৰৰ জগতত বিচৰণ কৰে,
প্ৰকৃতিৰ মনোৰম ৰূপত মতলীয়া হৈ
যেন আনন্দৰ মেলা পাতে।
গছ লতিকাই হাস্য বদনেৰে
প্ৰকৃতিৰ ন ৰূপক আঁকোৱালি লয়,
সুন্দৰৰ মালাৰে নিজকে সজাই
হৈ পৰে সপোনৰ ৰাংঢালীজনী।
অনুভৱৰ বাকৰি পুনৰ যেন
সেউজ হৈ জিলমিলাই উঠে,
বৰষুণ বৰষুণ বৰষুণ
চিপ্ চিপ্ বৰষুণ।।

.    .    .

Discus