Bir Lachit Barphukan : Courage, Patriotism and Heritage image credit by wikipedia

ইতিহাসৰ পাতত এনে কিছু ব্যক্তিৰ বিষয়ে উল্লেখ আছে যি সকলৰ উল্লেখযোগ্য কৰ্মৰাজীয়ে প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি মানৱ জাতিক অনুপ্ৰাণিত কৰি আহিছে।এনে দীপ্তিমান ব্যক্তিসকলৰ অন্যতম হৈছে লাচিত ডেকা ওৰফে লাচিত বৰফুকন। অসমী আইৰ সুযোগ্য সন্তান, দেশভক্ত ,বীৰ যোদ্ধা হিচাপে অসম বুৰঞ্জীৰ পাতত সোণালী আখৰেৰে জিলিকি থকা বীৰ পুৰুষ জনেই হৈছে মহাবীৰ লাচিত বৰফুকন।অসমৰ জাতীয় জীৱনৰ এক ভোটা তৰা সদৃশ মহাবীৰ লাচিত। যাৰ নামেই পৰিচয়।এইজনা পাৰদৰ্শী বীৰ প্ৰতিজন অসমীয়াৰ বাবে এটি পৰিচিত আৰু চিনাকি নাম।অসমৰ ইতিহাসত এইজনা বীৰ দেশৰ প্ৰতি থকা আনুগত্য,দেশপ্ৰেম , নেতৃত্ব আৰু বীৰত্বৰ এক অনন্য প্ৰতিমূৰ্তি হিচাপে স্থান লাভ কৰি অসমীয়া জাতিটোক যুগে-যুগে অনুপ্ৰাণিত কৰি আহিছে।

সাহস আৰু বীৰত্বৰ আন এটা নাম হৈছে লাচিত বৰফুকন।তেওঁ আছিল অটল, অদম্য আৰু সাহসৰ প্ৰতীক।লাচিত বৰফুকনক বাদ দি অসমীয়া জাতিটোৰ সাহস আৰু বীৰত্বৰ কথা কল্পনাই কৰিব নোৱাৰি।এক কথাত ক’বলৈ গ’লে লাচিত বৰফুকন হ’ল অসমীয়া জাতিৰ আবেগ, অসমীয়াৰ স্বাভিমান।

বীৰ লাচিত বৰফুকন সঁচা অৰ্থত এজন বীৰ পুৰুষ,বীৰ যোদ্ধা আছিল।বীৰ বুলি ক’লেই প্ৰথমেই মনলৈ অহা নামটোৱেই হৈছে বীৰ লাচিত বৰফুকন।অসমীয়াৰ আবেগ, বিবেক সকলো অধিকাৰ কৰি আছে লাচিত বৰফুকনৰ বীৰত্বই।যি সময়ত অসম দেশ আৰু অসমীয়া জাতিৰ ভৱিষ্যত বিদেশী বঙালৰ হাতলৈ যোৱাৰ উপক্ৰম হৈছিল ঠিক সেই সময়তেই অসম দেশ ৰক্ষাৰ ভাৰ বীৰ লাচিতে শিৰ পাতি গ্ৰহণ কৰিছিল।

বৰফুকন পদত অধিস্থিত হোৱাৰ আগতে লাচিত বৰফুকনে সময়ে -সময়ে স্বৰ্গদেউ সকলৰ দ্বাৰা বহু পৰীক্ষাৰ সন্মুখীন হ’ব লগা হৈছিল।বৰফুকন পদত অধিস্থিত হোৱাৰ আগতে তেওঁ বহু কেইটা সৰু-ডাঙৰ( ঘোঁৰা কোঁৱৰ বা ঘোঁৰা বৰুৱা, দোলাকাষৰীয়া বৰুৱা, শিমলু পৰীয়া ফুকন)আদি পদত কাৰ্য ৰ্নিবাহ কৰাৰ অন্তত আৰু পাছত হে পৰ্যায় ক্ৰমে পদত থাকি এই ‘বৰফুকন’ উপাধি লাভ কৰিছিল। লুখুৰাখন ফৈদৰ সন্তান, সামৰিক- অসামৰিক শিক্ষাৰে প্ৰশিক্ষিত লাচিত বৰফুকনদেৱৰ সাহস,নিৰ্ভীকতা ,আত্ম সন্মানবোধ, স্বাভিমান সুলভ চৰিত্ৰ আদিত মুগ্ধ হৈ স্বৰ্গদেউ চক্ৰধ্বজ সিংহই ‘সোণোৱালী হেংদাং’ দি চৰচৰাত আনুষ্ঠানিক ভাৱে ‘বৰফুকন’ আৰু ৰাজ্যৰ প্ৰধান সেনাপতি হিচাপে নিযুক্তি দিছিল।

বৰফুকন পদত অধিষ্ঠিত হৈয়ে বীৰ যোদ্ধাজনে দেশৰ সৈন্য সকলক একত্ৰিত বা সংঘবদ্ধ কৰা কাৰ্যত গুৰুত্ব দিছিল ।উল্লেখযোগ্য যে ১৬৬৭ খ্ৰীষ্টাব্দত লাচিত বৰফুকনৰ নেতৃত্বত আহোম সৈন্যই গুৱাহাটী উদ্ধাৰৰ যি প্ৰচেষ্টা চলাইছিল তথা ২০ আগষ্টত আহোম সৈন্যই গুৱাহাটী উদ্ধাৰৰ উদ্দেশ্যে মোগলক আক্ৰমণ কৰিছিল, কাজলী দুৰ্গকে ধৰি গুৱাহাটীৰ ওচৰে -পাজৰে যিমান আক্ৰমণৰ সন্মুখীন হৈছিল সেই সকলো আক্ৰমণ অতি দক্ষতাৰে লাচিতৰ পৰিচালনাতে প্ৰতিহত কৰিবলৈ সক্ষম হৈছিল।১৬৬১ চনত আহোম আৰু মোগলৰ মাজত যি ৰক্তক্ষয়ী আলবৈ যুদ্ধ হৈছিল সেই যুদ্ধত একে দিনাই ১০ হাজাৰ আহোমৰ সৈন্য শ্বহীদ হৈছিল। যিমান সাহসী যোদ্ধা হ’লেও এনে পৰিস্থিতত মনৰ উদ্যম হ্ৰাস হোৱাটোৱে স্বাভাৱিক। সাহসী যোদ্ধাজনো সেই সময়ত ভিতৰি শক্তিহীন হৈ পৰিছিল যদিও মহামন্ত্ৰী আতন বুঢ়াগোঁহাইৰ বুজনিত তেওঁ পুনৰ দৃঢ় হৈ উঠিছিল আৰু শত্ৰুৰ বিপক্ষে থিয় হ’বলৈ মন বান্ধি সাজু হৈছিল।।অতি বীৰৰ্দপে শত্ৰুৰ সন্মুখীন হোৱা বীৰ লাচিতে ১৯৭১ চনত অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনীক পৰাজিত কৰি অসমৰ পৰা আঁতৰাই পঠাবলৈ সক্ষম হৈছিল। যি সময়ত সমগ্ৰ ভাৰততে মোগলৰ আধিপত্য চলিছিল , ৰাজপুত সকলৰ দৰে পৰাক্ৰমী জাতিয়ে মোগলৰ বশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল তেনে এটা বিশাল আৰু শক্তিশালী সৈন্য বাহিনীক পৰাভূত কৰিবলৈ সক্ষম হৈছিল কেৱল মাত্ৰ বীৰ লাচিতৰ সাহস আৰু দক্ষতাৰ বাবে। উল্লেখযোগ্য যে শৰাইঘাটৰ যুদ্ধৰ শেষৰ ফালে মোগলৰ বৃহৎ সৈন্য বাহিনীৰ আগত আহোম সৈন্যই জয়ৰ আশা ত্যাগ কৰি পিছ হুঁহকিবলৈ আৰম্ভ কৰিছিল।লাচিত বৰফুকনৰ অসুস্থতাৰ কাৰণেও তেওঁলোক মানসিক ভাৱে দুৰ্বল হৈ পৰিছিল, নিৰাশ হৈ পৰিছিল। ।সেই সময়ত শাৰীৰিক ভাবে অসুস্থ হোৱা স্বত্বেও নৰীয়া শৰীৰেই এখন নৌকাত উঠি শুক্ৰেশ্বৰ পাহাৰৰ খট্‌খটিলৈকে আগুৱাই আহিছিল আৰু নিজৰ লগত থকা সাতখন নাওঁ যুঁজৰ মাজলৈ নি কৈছিল স্বৰ্গদেৱে মোৰ কান্ধত বহুতো প্ৰান্ত আৰু মানুহৰ দায়িত্ব অৰ্পণ কৰিছে।মই এতিয়া যুদ্ধ এৰি ল’ৰা-ছোৱালী , তিৰোতাৰ লগত লাগি থকা উচিত হ’বনে? বীৰ লাচিতে এনেদৰেই মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়ি আহিছিল আৰু মন ভাঙি পৰা সৈন্য সকলৰ মন যোগাবলৈকে এনেদৰে কৈছিল – “অসমীয়া ৰণুৱা সকল মই যুঁজিহে মৰিম।নাইবা মোক বঙালে ধৰি লৈ যাওঁক।তোমালোক সুখেৰে ঘৰলৈ যোৱা।“ লাচিতৰ দৃঢ়তা ভৰা কণ্ঠই সৈন্য সকলক উৎসাহিত কৰিছিল।

আহোম সৈন্যৰ মনত সাহস যোগাবলৈ বীৰ লাচিতে কিমান যে কি কৰিব লগা হৈছিল । আহোম সেনাৰ হেৰুৱা সাহস ঘূৰাবলৈকে তেওঁ কৈছিল - ‘চিলা পৰ্বতত এডুখৰি মাটি কিনি থৈছো।মৰি নাযাওঁ।মৰাৰ কাল আছে।জীয়াই থকালৈকে ৰাজ্য যাবলৈ নিদিওঁ।যদি মই যাওঁ, ৰাজ্যতকৈ পাছতহে যাম।‘ – এই এটি আহ্বানেই যেন সৈন্য সকলৰ মনত সাহসৰ সঞ্চাৰ কৰিছিল আৰু মহা পৰাক্ৰমী মোগল শক্তিক পৰাভূত কৰাত বীৰ লাচিতক সহায় কৰিবলৈ মাৰ বান্ধি সাজু হৈছিল । লাচিত বৰফুকনেও অসুস্থ দেহাৰে সৈতে অথচ বুদ্ধিমত্তাৰে মোগল সৈন্যৰ সৈতে সন্মুখ সমৰত লিপ্ত হৈ যি সাহসৰ পৰিচয় দিলে সিয়ে কালৰ বুকুত খ্যাতি ৰাখি থৈ গ’ল।লাচিত বৰফুকনৰ ‘ দেশতকৈ মোমাই ডাঙৰ নহয়।‘ দেশপ্ৰেমৰ এই বাণীয়ে যুগ -যুগ ধৰি অসমীয়া জাতিক অনুপ্ৰাণিত কৰি আহিছে।

মহাবীৰ লাচিত বৰফুকনৰ নেতৃত্বত আহোম সৈন্যবাহিনীৰ মনত সাহস,শক্তি জগাই তুলি তেওঁৰ কৌশলী নেতৃত্বত এক যুগান্তকাৰী বিজয় সু-নিশ্চিত কৰিছিল। তেওঁলোকেও হেৰুৱা সাহস ঘূৰাই পাইছিল আৰু সৈন্য সকলে দুগুণ উৎসাহেৰে , সাহসেৰে যুঁজি মোগলক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল।মোগলৰ বিৰুদ্ধে লাচিত বৰফুকনৰ যুদ্ধ পৰিচালনাৰ যি কৌশল সেই কৌশল মানিব লগীয়া।তেওঁ যি দক্ষতা,একমুখী কাৰ্যপন্থা তথা নিয়মানুৱৰ্তীতাৰে সৈন্য সকলক পৰিচালনা কৰিছিল তেন্তে উদাহৰণ অসমৰ ইতিহাসত সততে পোৱা নাযায়।স্মতব্য যে লাচিত বৰফুকনে কৰ্তব্যত (গড় বন্ধোৱা কামত)অৱহেলা কৰাৰ বাবে নিজ মোমায়েকক শিৰচ্ছেদ কৰিবলৈও কুণ্ঠাবোধ কৰা নাছিল। একে ৰাতিৰ ভিতৰতে গঁড় বান্ধি নৰিয়া দেহাৰেই বীৰদৰ্পে হেংদাং লৈ মোগলক খেদি পঠাবলৈ সক্ষম হোৱা বীৰ লাচিত বৰফুকনৰ সাহসী সত্বাটোৱে আজিও অসমীয়াৰ প্ৰাণত শিহৰণ জগাই তোলে।

এই খিনিতে উল্লেখ কৰিব পাৰি যে লাচিত বৰফুকনে শত্ৰু পক্ষৰ শক্তিৰ লগতে দুৰ্বলতাও পঢ়িব জানিছিল।যাৰ বাবে তেওঁ প্ৰায় সকলো যুঁজতে সফল হ’বলৈ সক্ষম হৈছিল ।

আহোম সাম্ৰাজ্যৰ বীৰ সেনাপতি আছিল লাচিত বৰফুকন।এজন সদা সক্ৰিয় , বুদ্ধিমন্ত আৰু অত্যন্ত কৰ্তব্য পৰায়ণ পিতৃৰ অধীনত এক সু-শৃংখলাবদ্ধ ৰাজকীয় পৰিৱেশত ডাঙৰ -দীঘল হোৱা লাচিত বৰফুকনে মোগলৰ বিৰুদ্ধে যুঁজত এজন বুদ্ধিমান, দূৰদৰ্শী আৰু ব্যতিক্ৰমী সেনাপতি ৰূপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল।

লাচিত বৰফুকনৰ স্বাভিমান,আত্মসন্মান,

জ্ঞান আৰু কৰ্তব্যৰ মূল্য নিৰূপণ শক্তি যথেষ্ট তীব্ৰ আছিল।তেওঁৰ নিৰ্ভীকতা ,আত্ম মৰ্যদা , সামৰিক দক্ষতা আৰু স্বদেশ প্ৰেম আছিল তুলনাবিহীন।এইজনা মহান ব্যক্তিৰ কৰ্তব্য নিষ্ঠা, নিৰ্ভীকতা, গভীৰ দেশপ্ৰেম আদিৰ ব্যক্তিত্বৰে তেওঁৰ চাৰিত্ৰিক দিশ উজ্বলি উঠিছিল।এই সমূহ গুণ তথা প্ৰতিভাৰ বলতে কম সংখ্যক সৈন্যৰ দ্বাৰাই অতি কৌশলেৰে বৃহৎ সংখ্যক মোগল বাহিনীক পৰাস্ত কৰি গুৱাহাটী তথা অসম ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। সাগৰৰ দৰে অলেখ সেনানী লৈ সোণৰ অসম ছাৰখাৰ কৰাৰ মানসেৰে অহা মোগল সেনাপতি ৰামসিংহক পৰাস্ত কৰাতো ইমান সহজ নাছিল। মোগল সৈন্য অহাৰ বাতৰিয়ে চিন্তিত কৰি তুলিছিল স্বৰ্গদেউৰ লগতে প্ৰতিজন অসমীয়াক।পিছে ইমান সহজে হাৰ মনা বিধৰ নাছিল লাচিত বৰফুকনো।জন্মভূমিৰ মান ৰাখিবলৈ দীৰ্ঘদিন ধৰি সৈন্য সকলক প্ৰশিক্ষণ দি ৰণ কৌশল যুগুত কৰি অসীম সাহসেৰে অসম্ভকো সম্ভৱ কৰি তুলিছিল সাহসী বীৰ লাচিত বৰফুকনে। মোগলৰ লগত অকলে যুঁজিবলৈও সাজু আছিল লাচিত বৰফুকন। এক সুচিন্তিত আঁচনি, বিচক্ষণ সংগঠন শক্তি, শৃংখলামূলক আয়োজন, সুদৃঢ় নিয়মানুৱৰ্তিতা ,বিপদত ধৈৰ্য ,সংকটত নিৰ্ভীকতা, দেশৰ মংগল কাৰ্যত সম্পূৰ্ণ আত্মবিলোপ তথা স্বাৰ্থ ত্যাগ মনোভাৱে বীৰজনক প্ৰতিটো বিপদত সহায় কৰিছিল।শৰাইঘাটৰ ৰণত বিজয় প্ৰাপ্তিৰ অন্তৰালতো আছিল এই সমূহ কাৰক।যিখন ৰণৰ বিজয় প্ৰাপ্তিয়ে লাচিত বৰফুকনদেৱক প্ৰতিষ্ঠা কৰিছিল ভাৰতীয় ইতিহাসৰ অন্যতম উৎকৃষ্ট সামৰিক নেতা হিচাপে।।দেশপ্ৰেম, কৰ্তব্যপৰায়ণতা ,সততা আদি মহান গুণৰ অধিকাৰী লাচিত বৰফুকন আছিল এজন বিশ্ববন্দিত বীৰযোদ্ধা।শৰাইঘাটকে ধৰি অনেক ৰণত লাচিত বৰফুকনৰ পৰিচালনাত উপস্থিত বুদ্ধি, সাংগঠনিক দক্ষতা , সাহস আদিৰ দৰে মহান গুণৰ বলত আহোম সৈন্যই জয়ৰ মুখ দেখিছিল।তেওঁ যুদ্ধ কৌশলত ইমানেই দক্ষ আছিল যে ব্ৰহ্মপুত্ৰ নদীৰ জটিল জলপথ আৰু অসমৰ ক্ষুদ্ৰ ভুগোলৰ অন্তৰংগ জ্ঞানৰ ভিত্তিত তেওঁ এনে কৌশল ৰচনা কৰিছিল যে বিৰোধী সৈন্যই ইয়াৰ কোনো তত ধৰিব নোৱাৰি বিমোৰত পৰিছিল আৰু সৈন্য সকলক বিভ্ৰান্ত কৰি তুলিছিল।

অসমত আহোমৰ প্ৰায় ছশ বছৰীয়া ৰাজত্ব কালত লাচিত বৰফুকনৰ দৰে মহান বীৰ এগৰাকীৰ অৱদান অলেখ। তেখেতে এটা স্বাধীনতা প্ৰিয় জাতি হিচাপে অসমীয়াক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি থৈ যাবলৈ সক্ষম হৈছে। লাচিত বৰফুকনৰ দৰে এজন বীৰৰ ইতিহাসেৰে সমৃদ্ধ অসমীয়া জাতি।

অসমৰ ইতিহাসত দেশপ্ৰেমিক বীৰ বুলি ক’লে বিশেষ ভাৱে লাচিত বৰফুকনৰ নামেই আজিও শ্ৰদ্ধা সহকাৰে উচ্চাৰণ কৰা হয়।

বীৰ লাচিত বৰফুকন প্ৰকৃতাৰ্থতে এজন দেশপ্ৰেমিক আছিল।সৰুৰে পৰা পিতৃ মোমাই তামুলী বৰবৰুৱাৰ অগাধ দেশপ্ৰেমৰ দ্বাৰা উদ্ধুদ্ধ লাচিত বৰফুকনে নিৰ্ভীক দেশভক্তিৰ পৰিচয় দিবলৈ সক্ষম হৈছিল। সৰুতেই লাচিত বৰফুকনৰ মনত দেশ প্ৰেমৰ ভাব জাগ্ৰত হৈছিল। তেওঁ মনত দৃঢ় প্ৰতিজ্ঞা লৈছিল যে দেশক ভালপোৱাৰ চিন কামত হে, কথাত নহয়। সেয়ে হয়তো নিজ কৰ্মত গাফিলতি কৰাৰ অপৰাধত লাচিতে নিজৰ মোমায়েকক হত্যা কৰিবলৈও কুণ্ঠাবোধ কৰা নাছিল।মোমাই কটা গড়ে আজিও লাচিতৰ ত্যাগ, বীৰত্ব তথা স্বদেশ প্ৰেমৰ কথা সোঁৱৰায়।দেশপ্ৰেমৰ উজ্জ্বল প্ৰতিভূ,বীৰত্বৰ দূৰন্ত প্ৰতীক ,সাহসৰ অম্লান নিদৰ্শন মহান বীৰযোদ্ধা লাচিত বৰফুকন।অসম মুলুক ৰক্ষাৰ বাবে তেওঁ যি কৰি গ’ল তাৰ বাবে প্ৰতিটো প্ৰজন্মই তেওঁক নাম শ্ৰদ্ধাৰে সোঁৱৰণ কৰিব। এগৰাকী দক্ষ বৰুৱা হিচাপে পৰিচিত দেউতাক মোমাই তামুলীৰ কাম-কাজ সমূহ সদায় দেখি -দেখি লাচিত বৰফুকনদেৱেও সেই সমূহ তীক্ষ্ণ ভাৱে অনুকৰণ কৰিবলৈ শিকিছিল।কৌশলী দেউতাকৰ কৌশলী পৰিকল্পনাবোৰ আয়ত্ব কৰণৰ প্ৰয়াস কৰিছিল।

যি সময়ত আনবোৰ সমনীয়াই ৰং-ধেমালি কৰি সময় কটাইছিল সেই সময়ত লাচিত বৰফুকন যুদ্ধৰ কলা-কৌশল আয়ত্ব কৰাত ব্যস্ত আছিল আৰু আন সমনীয়া সকলকো তেওঁ নিজকে একোগৰাকী দক্ষ সৈনিক হিচাপে গঢ়ি তুলিবৰ বাবে স্পষ্ট ভাৱে আহ্বান জনাইছিল।স্বৰ্গদেউৰ প্ৰতি থকা অগাধ আনুগত্যই তেওঁক সাহসী কৰি তুলিছিল আৰু অহৰহ দেশ ৰক্ষাৰ কৌশল উদ্ভাৱনত নিমগ্ন আছিল।কৌশলী, কৌশলবিদ , সুনিপুণ যোদ্ধা লাচিত বৰফুকনদেৱৰ প্ৰতিভা আছিল অদ্বিতীয়। তেওঁৰ উদ্ভাৱনীমূলক আৰু অগতানুগতিক কৌশল সমূহে তেওঁৰ সেই সময়ৰ বা যুগৰ সামৰিক প্ৰতিভা হিচাপে বিশেষ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ সেনাপতি লাচিত বৰফুকনৰ নিজ দেশৰ প্ৰতি থকা ভালপোৱাৰ তুলনা নাই। নিজ দেশৰ প্ৰতি তেওঁৰ আছিল আকণ্ঠ ভালপোৱা। বাহিৰা শত্ৰুৰ আক্ৰমণৰ পৰা নিজ মাতৃভূমিক ৰক্ষা কৰিবৰ বাবে তেওঁ সদা সতৰ্ক আৰু সাজু আছিল।বীৰ তথা পৰাক্ৰমী এই গৰাকী সেনাপতিয়ে সপ্তদশ শতিকাৰ সময় ছোৱাত মোগল বাহিনীৰ বেদখলৰ বিৰুদ্ধে বীৰ বিক্ৰমেৰে যুঁজি মাতৃভূমি অসমক ৰক্ষা কৰি ইতিহাসত অমৰ হৈ আছে। নিজকে এজন নিঃস্বাৰ্থ দেশপ্ৰেমিক হিচাপে পৰিচয় দি শৰাইঘাটৰ যুদ্ধত মোগলক পৰাস্ত কৰি অসম বুৰঞ্জীত নিজকে অমৰ কৰি থৈ গৈছে।লাচিত বৰফুকনৰ দৃঢ়, নিঃস্বাৰ্থ , দূৰদৰ্শী নেতৃত্বই অসমীয়া সমাজত যুগান্তকাৰী পৰিৱৰ্তনৰ সূচনা কৰিছিল।লাচিতৰ ৰণাহ্বানে সেনানীৰ মনত স্বদেশ প্ৰেমৰ ভাৱ নতুনকৈ জাগ্ৰত কৰিছিল। লাচিত বৰফুকনক বাদ দি অসমীয়া জাতিটো যেন পংঙ্গু। অসমীয়া জাতিক সমৃদ্ধ কৰা এইজনা ক্ষণ জন্মা ত্যাগী, সাহসী বীৰৰ ইতিহাসেৰে সমৃদ্ধ অসমীয়া জাতি।লাচিত বুলিলেই শিহৰণ জাগে অসমীয়াৰ।মুহুৰ্ততে চমকি উঠে মনৰ ভিতৰৰ হেংদাং।প্ৰতিজন অসমীয়াৰ প্ৰাণত আজিও শিহৰণ জগাই তোলে শৰাইঘাটে।

অদম্য সাহস, কৌশলগত প্ৰতিভা তথা নিজ মাতৃভূমিৰ প্ৰতি থকা দেশপ্ৰেম আৰু বীৰত্বই আজিও অসমীয়াৰ মনত প্ৰাণৰ সঞ্চাৰ কৰে। অসমৰ ইতিহাসৰ সৰ্বকালৰ শ্ৰেষ্ঠ অসমীয়া সকলৰ এজন তথা অসমীয়া সমাজ আৰু জাতিৰ অস্তিত্ব ৰক্ষাৰ অক্লান্ত যোদ্ধা আছিল বীৰ লাচিত।মহাবীৰ ৰাণা প্ৰতাপ, ছত্ৰপতি শিৱাজীতকৈও লাচিত বৰফুকন কোনো গুণে কম নাছিল।বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰে কোৱাৰ দৰে লাচিত বৰফুকন দেৱৰ বীৰত্বই আমাক সোঁৱৰাই দিয়ে যে চৰিত্ৰৰ শক্তিয়ে ইতিহাসৰ গতি পথ সলনি কৰিব পাৰে। জন্মসূত্ৰে লাভ কৰা শৌৰ্য , দেশপ্ৰেম আৰু ৰাজনৈতিক পৰিপক্কতাই তেওঁক এগৰাকী দক্ষ আৰু সফল আহোম সেনাপতি ৰূপে প্ৰতিষ্ঠিত হোৱাত সহায় কৰিছিল।স্বাধীনতা সংগ্ৰামকে ধৰি মাতৃভূমিৰ সংকটৰ সময়ত লাচিত বৰফুকনে তৎপৰতাৰে জণগনক একত্ৰিত কৰি সাংগঠনিক শক্তিৰে সকলোৰে মন উদ্ধুদ্ধ কৰিছিল তেনে উদাহৰণ খুবেই বিৰল।

এক সাধাৰণ পৰ্যায়ৰ পৰা জীৱন আৰম্ভ কৰিও কালৰ বুকুত নিজৰ সোৰ্য -বীৰ্য , আত্ম মৰ্যদা, আত্ম বিশ্বাস,কৰ্তব্যনিষ্ঠা,

নিঃস্বাৰ্থ দেশপ্ৰেম তথা ত্যাগৰ অপূৰ্ব নিদৰ্শনেৰে দেশৰ সেই সংকটৰ সময়ত বিশেষ দক্ষতাৰে দেশক /মাতৃভূমিক ৰক্ষা কৰি জাতীয় বুৰঞ্জীত নিজৰ নাম সোণালী আখৰেৰে খোদিত কৰি গৈছে।এই ক্ষণজন্মা বীৰ পুৰুষ জনে দেশ তথা সমাজক এক নতুন জাতীয় চেতনাৰে উদ্ধুদ্ধ কৰি থৈ গৈছে।শত্ৰু পক্ষৰ দ্বাৰাও উচ্চ প্ৰশংসিত লাচিত বৰফুকনৰ দৰে এজন স্বাধীনতাকামী মহাবীৰৰ সাহস ,বীৰত্ব কৰ্তব্য নিষ্ঠা, দেশপ্ৰেম আদি সদায়ে স্মৰণীয় ।কেৱল শৰাইঘাটৰ যুদ্ধত জয়ী হোৱাতেই লাচিত বৰফুকন নামৰ বীৰ জনৰ প্ৰাসংগিকতাৰ অন্ত নপৰে। এই গৰাকী বীৰ পুৰুষৰ কাহিনী, সাহস আৰু বীৰত্বৰ কথা সমগ্ৰ দেশেই জনা উচিত। তেখেতৰ শৌৰ্য -বীৰ্য কাহিনী উঠি অহা প্ৰজন্মৰ বাবে আদৰ্শনীয় আৰু আদৰণীয় হোৱা উচিত। সমগ্ৰ অসমীয়া জাতিটোক নিজৰ ত্যাগ ,বীৰত্ব আৰু আদৰ্শৰে উজ্বলাই তোলা এই মহান বীৰ যোদ্ধা জনৰ নাম সদায়ে স্মৰণীয় আৰু কালৰ বুকুত খোদিত হৈ ৰ’ব।

.    .    .

Discus